জনশ্রুতি (বিশেষ্য)
মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
কাকুতি-মিনতি (বিশেষ্য)
অনুনয়-বিনয় কৰা অৱস্থা বা ভাৱ
আতচ-বাজী (বিশেষ্য)
বাৰুদ, গন্ধক, খাৰ আদিৰ সংযোগত বনোৱা চকৰি, ফুলজাৰি, কলগছ, ফটকা আদি যিবোৰ জ্বলিলে ৰংবিৰঙৰ ফিৰিঙতি ওলাই আৰু শ্্ব্দ হয়
অসাধু (বিশেষণ)
দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
নুফুলা ফুল (বিশেষ্য)
যিপাহ ফুলে পাহি মেলা নাই:কলিবিলাক ছিঙা কাৰণে মালীয়ে লʼৰা-ছোৱালীবোৰক গালি পাৰিছে
চাকি-বন্তি (বিশেষ্য)
পোহৰ কৰিবলৈ তেল আৰু শলিতা দি জ্বলোৱাৰ বাবে ব্যৱহাৰ কৰা পাত্র
অৱতৰণিকা (বিশেষ্য)
কোনো কিতাপ আদিৰ আৰম্ভণিতে থকা বক্তব্য যাৰ দ্বাৰা কিতাপখনৰ বিষয়ে জানিব পাৰি
গতিশূন্য (বিশেষণ)
যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়
অনুৰাগী (বিশেষণ)
যি প্রেমত আসক্ত
নিশাচৰ চৰাই (বিশেষ্য)
দিনত লুকাই থকা আৰু ৰাতি ওলোৱা বা ৰাতি চৰা পক্ষী